অসমৰ বানপানী –
আৰম্ভণি:
অসম এখন নদীমাতৃক দেশ। নদ-নদীৰ সংখ্যা যি দেশত বেছি সেই দেশক নদীমাতৃক দেশ বোলে। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদ। ই দীঘলে প্ৰায় ২৮৮০ কিলোমিটাৰ। অসমৰ মাজেৰে প্ৰায় ৯২০ কিলোমিটাৰ প্ৰবাহিত হৈছে। পৃথিৱীৰ বৃহৎ নদীবোৰৰ ভিতৰত ব্ৰহ্মপুত্ৰয়েই আটাইতকৈ শেষৰ সৃষ্টি বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সেই কাৰণেই ব্ৰহ্মপুত্ৰৰ গতিপথ এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই – গৰাখহনীয়া প্ৰবল হৈ আছে। ব্ৰহ্মপুত্ৰ নদী তিব্বত দেশত থকা মানস সৰোবৰ নামৰ হৃদৰপৰা উৎপত্তি হৈ অসমৰ সৌমাজেৰে পূবৰ পৰা পশ্চিমলৈ বৈ গৈ বংগোপসাগৰত পৰিছে।
বানপানী হোৱা কাৰণ:
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য নদী-উপনদী আছে। অসমৰ চাৰিওফালে থকা ওখচাপৰ পৰ্বত-পাহাৰৰপৰা ওলাই অহা উপনদীবোৰ ব্ৰহ্মপুত্ৰত পৰিছে। বৰষুণৰ বতৰত বা বাৰিষাকালত উপনদীবোৰ পানীৰে উপচি পৰে। নদীবোৰৰ অধিকসংখ্যকৰ মথাউৰি নথকা বাবে আৰু মথাউৰি থকাবোৰো বিজ্ঞানসন্মত নোহোৱা বাবে অসমে বানপানীৰ হাত সাৰিব নোৱাৰে। উপনদীবোৰৰ পাৰ বাগৰি নাইবা মথাউৰি ভাঙি পানী ওলাই আহি সমগ্ৰ দেশতে বানপানীৰ সৃষ্টি কৰে।
বানপানীৰ ফলত হোৱা ক্ষতি:
বানপানীৰ ফলত ৰাস্তা-ঘাট, আলি-পদূলি, ঘৰ-দুৱাৰ, খেতি-বাতি আদি ধ্বংস বা নষ্ট হোৱাৰ উপৰি মানুহকে আদি কৰি বহুতো জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাব লগা হয়। অসম এখন কৃষিপ্ৰধান দেশ। কিন্তু বানপানীয়ে প্ৰতি বছৰে খেতিয়কৰ খেতি-বাতি নষ্ট কৰাৰ ফলত খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হয়। বানপানীয়ে নষ্ট কৰা খেতি-বাতিবোৰৰ ভিতৰত ধান, মৰাপাট, কুঁহিয়াৰ আৰু বিবিধ শাক-পাচলি আছে।
প্ৰতি বছৰে বানপানীয়ে দুৰ্যোগ সৃষ্টি কৰি অহাৰ বাবে অসম অৰ্থনৈতিকভাৱে সদায় ক্ষতিগ্ৰস্ত হৈ আহিছে। খেতিয়কসকলে পৰিশ্ৰম অনুপাতে শস্য চপাবলৈ নাপায়। |
ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী প্ৰতিৰোধ, কৰাৰ ব্যৱস্থা কৰিব পাৰে। ব্ৰহ্মপুত্ৰ আৰু উপনদীবোৰৰ পানী নিয়ন্ত্ৰিত কৰিব পাৰিলেই অসমৰ বানপানীও নিয়ন্ত্রিত হ’ব। ব্ৰহ্মপুত্ৰ নদ অসমলৈ অৰ্থাৎ ভৈয়ামলৈ নমা ঠাইত বিজুলী উৎপাদন প্ৰকল্প স্থাপন কৰি বিজুলী শক্তি উৎপাদন আৰু বানপানী নিয়ন্ত্ৰণৰ দৰে আঁচনি গ্ৰহণ কৰি চৰকাৰে ৰাজ্যখনক বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰে।
সামৰণি:
উপনদীসমূহৰ মথাউৰি নিৰাপদ দূৰত্বত বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলে মথাউৰি ভাঙি বানপানীৰ সৃষ্টি কৰিব নোৱাৰিব। মথাউৰিৰ কাষ শিলেৰে বন্ধাই গছ ৰুই মজবুত কৰিলে মথাউৰি ভাঙিব নোবাৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী স্থায়ীভাবে নিয়ন্ত্ৰণ কৰাৰ ব্যবস্থা কৰিলে অসমৰ অর্থনৈতিক উন্নয়নৰ বাট মুকলি হ’ব বুলি আশা কৰিব পাৰি।
source: Assambedhelp

Course Purchase Query