সতী সাধনী মৃত্যু দিৱস উপলক্ষে সতী সাধনীৰ বিষয়ে ************************ দেশ – জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত সোণোৱালী আখৰেৰে লিখা আছে তেওঁলোকৰ ভিতৰত সতী সাধনী অন্যতম। অষ্টম চুতীয়া ৰজা ধৰ্মধ্বজ পাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ। চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল সতী সাধনী। পিতৃয়ে সন্তান লাভৰ বাবে ঈশ্বৰক সাধনা কৰিছিল বাবে তেওঁৰ নাম সাধনী ৰাখিছিল। সাধনীৰ অন্য এটি নাম তেজা। তেওঁৰ সম্পূৰ্ণ নাম সাধনী নাৰায়ণ পাল। সতী সাধনী ধীৰনাৰায়ণৰ একমাত্ৰ জী আছিল। বহু বছৰৰ পাছত ধীৰনাৰায়ণৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়। নাম ৰাখিছিল সাধকনাৰায়ণ। ৰজাই আৱশ্যকীয় সকলো শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। যথাসময়ত সাধনীক বিয়া দিবলৈ উপযুক্ত বৰ বিচাৰি নোপোৱাত ৰজা চিন্তিত হ’ল। এদিন ৰজাই ফুৰিবলৈ যাওঁতে পাল শৱ দিয়া মৈদামত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। তেওঁ থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটোক একেপাট কাঁড়ে বিদ্ধ কৰিব পাৰিব তেওঁকে সাধনীক বিয়া দিব। সয়ম্বৰৰ দিনা অতি সাধাৰণ ঘৰৰ নিতাই নামৰ চুতীয়া ল’ৰা এটাই কেৰ্কেটুৱাটোক বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰে। পাছত ৰজাই ৰাজ্যভাৰ আৰু নাবালক পুত্ৰৰ দায়িত্ব নিতাইক অৰ্পণ কৰি ৰাণীক লগত লৈ সন্ন্যাসী জীৱন আৰম্ভ কৰিলে। নিতায়ে ৰজা হৈ নীতিপাল নাম লয়। নীতিপালৰ শাসন ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি আহোম ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। যুদ্ধত হাৰি নীতিপালে পত্নী, সৈন্য-সামন্ত সহিতে পিছুৱাই আহি চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। তাতো আহোম সৈন্যই আক্ৰমণ কৰিছিল যদিও ব্যৰ্থ হয়। ৰাণী সাধনী আৰু তেওঁ নেতৃত্ব বহন কৰা নাৰী সৈন্যই লগত ধনু-কাঁড় , যাঠিলৈ শেষ মুহূৰ্তলৈকে আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালে আগুৰি আক্ৰমণ কৰিছিল , কিন্তু সাধনীৰ নেতৃত্বত থকা নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বগৰাই বহু শত্ৰু সৈন্য নিহত কৰিছিল। এই নাৰী বাহিনীয়েই বিশ্বৰ প্ৰথম নাৰী বাহিনী। নাৰী বাহিনীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি আহোম সেনাপতিয়ে ছলনাৰ আশ্ৰয় লৈ নীতিপালক বধ কৰে। সাধনীক আহোম ৰজাই কুবেৰৰ সম্পত্তি, ঢাল, তৰোৱাল, সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল। ৰাজৰাণী কৰাৰ টোপ দিছিল। সাধনীয়ে আহোম ৰাজৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। সেই দিনটো আছিল ১৫২৪খ্ৰীঃৰ ৭ব’হাগ। আজি সতী সাধনী দিৱসত সেই মহান বীৰাংগনা সতী সাধনীক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। Source: চিত্ৰলেখা মহন্ত

Leave a Comment or Write your Answer here